Skip to content
On this page

National parks and sanctuaries

Kaziranga National Park

  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান 3 খন জিলাৰ কিছু কিছু অংশ সামৰি লৈছে সেই কেইখন হল গোলাঘাট, শোণিতপুৰ, নগাঁও।
  • 1905 চনৰ 1 জুনত সংৰক্ষিত বনাঞ্চলৰ প্ৰস্তাৱ গৃহীত কৰা হয়।
  • 1908 ত সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হয়।
  • 1916 চনত নৱেম্বৰত কাজিৰঙক মৃগয়ান বন (Game Sanctuary) হিচাপে ঘোষণা কৰা হয়।
  • 1938 চনত কাজিৰঙাক দৰ্শনাৰ্থীৰ পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হয়।
  • 1950 চনত তদানীন্তন মুখ্য বন সংৰক্ষক P D starccy কাজিৰঙা মৃগয়া বনৰ নাম সলনি কৰি কাজিৰঙা অভয়াৰণ্য ৰূপে নামাকৰণ কৰা হয়।
  • 1974 চনৰ 1 জানুৱাৰী ৰ পৰা কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰে। 1985 ত ইউনেস্কোৱে কাজিৰঙক বিশ্ব ঐতিহ্য ঘোষণা কৰে।
  • 2007 চনত 3 আগষ্টৰ পৰা কাজিৰঙাক ব্যাঘ্র প্ৰকল্পৰো অন্তনভুক্ত কৰা হৈছে।

Kaziranga

Manas National Park

  • মানাহ অসমৰ দ্বিতীয় ৰাষ্ট্ৰীয় উদ্যান।
  • 1928 চনত অভয়াৰণ্যৰূপে আৰু 1973 ত লুপ্তপ্ৰায় ঢেকীয়াপতিয়া বাঘৰ সংৰক্ষণৰ বাবে “প্ৰজেক্ট টাইগৰ” বা “ব্ৰাঘ্র প্ৰকল্প” হিচাপে স্বীকৃতি পায়।
  • 1989 চনত ৰাষ্ট্ৰীয় জৈৱমণ্ডলীয় সমিতিয়ে মানাহক জৈৱমণ্ডল সংৰক্ষণ কেন্দ্ৰ হিচাপে চিনাক্ত কৰে।
  • 1990 চনত মানাহক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।
  • ইয়াত 22 টা বিপদাপন্ন বন্যপ্ৰাণী আছে।
  • ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ বাগছা জিলাৰ অসম ভূটান সীমান্তত অৱস্থিত।

Dibru-Saikhowa National Park

  • ৰাষ্ট্ৰীয় উদ্যান খন তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ অন্তৰ্গত।
  • 1890 ত সংৰক্ষিত বনাঞ্চল ৰূপে স্বীকৃতি পায়।
  • 1986 চনত অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয়।
  • 1999 চনৰ 9 মাৰ্চত ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে।
  • ডিব্ৰু চৈখোৱাই বিশ্বৰ একমাত্ৰ বনাঞ্চল যত বনৰীয়া ঘোঁৰা পোৱা যায়।

Nameri National Park

  • নামেৰী শোণিতপুৰ জিলাত অৱস্থিত।
  • 1878 চনৰ 18 ছেপ্টেম্বৰ মাহত নামেৰী অভয়াৰণ্য মুকলি কৰা হয়।
  • 1997 চনৰ 27 ফেব্ৰুৱাৰীত নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাৰম্ভিক সূচনা কৰা হয়।
  • 1998 চনৰ 18 নৱেম্বৰত ইয়াক ৰাষ্ট্ৰীয় উদ্যানৰূপে আনুষ্ঠানিক ঘোষণা কৰা হয়।
  • নামেৰী বহু আপুৰুগীয়া বিৰল আৰু বিলুপ্তপ্ৰায় প্ৰাণীৰ বিচৰণভূমি। ইয়াৰ ভিতৰত অন্যতম হল দেওহাঁহ।
  • 2001 চনৰ 1 মাৰ্চৰ পৰা নামেৰী ৰাষ্ট্ৰীয় উদ্যানক ভাৰতৰ ব্যাঘ্র প্ৰকল্পৰো অন্তৰ্ভুক্ত কৰা হৈছে।

Pobitora Wildlife Sanctuary

  • মৰিগাঁও জিলাত পবিতৰা অভয়াৰণ্য অৱস্থিত।
  • 1971 চনৰ 18 নৱেম্বৰত অসম চৰকাৰে পবিতৰাক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে।
  • 1987 ত অসম চৰকাৰে পবিতৰাক অভয়াৰণ্য হিচাপে ঘোষণা কৰে।

Garampani Sanctuary

  • গৰামপানী অভয়াৰণ্য কাৰ্বি আংলং জিলাত অৱস্থিত।
  • 1952 চনৰ 10 জুলাইত নামবৰ বনাঞ্চলৰ এক অংশক গৰামপানী অভয়াৰণ্য ঘোষণা কৰা হয়।

Laokhowa Sanctuary

  • ই নগাঁও জিলাত অৱস্থিত।
  • 1979 চনত লাওখোৱাক অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়।

East Karbi Anglong Sanctuary

  • 2007 চনৰ 27 জুলাইত পূব কাৰ্বি আংলং অভয়াৰণ্য গঠন কৰা হয়।

Bornodi Wildlife Sanctuary

  • ওদালগুৰি জিলাৰ উত্তৰে ভাৰত ভূটান সীমান্তত বৰনদী অভয়াৰণ্য অৱস্থিত।
  • 1942 চনত সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হয়।
  • 1982 চনত অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয়।
  • নলগাহৰি, খটীয়া পহু আৰু ৰাংকুকুৰৰ বাবে বিখ্যাত।

Borail Wildlife Sanctuary

  • কাছাৰ জিলাত অৱস্থিত বৰাইল দক্ষিণ অসমৰ অন্যতম অভয়াৰণ্য।
  • 2004 চনত বৰাইল অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয়।
  • বৰাইলত পোৱা দুটা বিৰল প্ৰজাতিৰ কাছ আৰু কলা শগুণৰ নাম হল → এছিয়ান লীফটাৰটল আৰু ব্ৰাৰ্বন হিল টৰটইজ।

Sonai Rupai Wildlife Sanctuary

  • শোণিতপুৰ জিলাৰ বালিপাৰাৰ ওচৰত অৱস্থিত।
  • সোণাই ৰূপাই পূৰ্বতে সংৰক্ষিত বনাঞ্চল আছিল।
  • 1998 চনত ইয়াক অভয়াৰণ্যৰূপে ঘোষণা কৰে।

Pabho Reserved Forest

  • লখিমপুৰ জিলাৰ দক্ষিণে খাবলু আৰু ৰঙা নৈৰ মোহনাত অৱস্থিত এখন সৰু বনাঞ্চল পাভ।
  • বনৰীয়া ম’হৰ ঘন বসতিৰ বাবে এই বনাঞ্চল ইংৰাজৰ দিনত মিলৰয়(Milroy) ম’হ অভয়াৰণ্য ৰূপে জনাজাত আছিল।

Deepar Beel Bird Sanctuary

  • দীপৰ বিল অসমৰ সৰ্ববৃহৎ বিল।
  • 1989 চনৰ 12 জানুৱাৰীত দীপৰ বিলক পক্ষী অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়।
  • 1971 চনত ইৰাণৰ ৰামছাৰ চহৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সৰোবৰৰ সন্মিলনত দীপৰ বিলক আন্তঃৰাষ্ট্ৰীয় সৰোবৰৰূপে স্বীকৃতি দিয়া হয়।
  • দীপৰ বিল অসমৰ এতিয়ালৈকে (2023) একমাত্ৰ ৰামছাৰ ক্ষেত্ৰ।
  • ৱাৰ্ডলাইফ ইন্টাৰনেছনেল দীপৰ বিলক গুৰুত্বপূৰ্ণ চৰাই সংৰক্ষিত এলেকা (Important Bird Area) ৰূপে চিহ্নিত কৰিছে।

Amchang Wildlife Sanctuary

  • এইখন কামৰূপ জিলাত অৱস্থিত।
  • 2004 চনৰ 19 জুনত ইয়াক অভয়াৰণ্যৰূপে স্বীকৃতি দিয়া হয়।

Kakaijana Reserved Forest

  • বঙাইগাঁও জিলাত কাকৈজানা সংৰক্ষিত বনাঞ্চল অৱস্থিত।
  • 1966 চনত সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হয়।
  • 1998 চনত অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয়।
  • সোণালী বান্দৰৰ বাবে বিশেষকৈ প্ৰসিদ্ধ কাকৈজানা।

Hollongapar Gibbon Sanctuary

  • 1881 চনৰ 27 আগষ্টত ইয়াক হোলোঙাপাৰ সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰা হয়।
  • 1997 চনৰ 30 জুলাইত অভয়াৰণ্যখন গঠন কৰি গিবন অভয়াৰণ্য নাম দিয়া হয়।
  • 2004 চনৰ 25 মেত অসম চৰকাৰে ইয়াক হোলোঙাপাৰ গিবন অভয়াৰণ্য বুলি নামাকৰণ কৰে।
  • 1989 চনৰ 12 জানুৱাৰীত দীপৰ বিলক পক্ষী অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়।

Bordoibum Beelmukh Bird Sanctuary

  • লখিমপুৰ আৰু ধেমাজি জিলাত অৱস্থিত।
  • 1996 চনৰ 3 জুলাইত ইয়াক প্ৰস্তাৱিত পক্ষী উদ্যান ঘোষণা কৰে।
  • এই বিলখন 1950 চনৰ ভূমিকম্পত সৃষ্টি হোৱা।

Pani Dehing Bird Sanctuary

  • শিৱসাগৰ জিলাত অৱস্থিত।
  • 1996 বন্যপ্ৰাণী অভয়াৰণ্য ৰূপে ঘোষণা কৰা হয়।
  • 1999 চনৰ আগষ্ট মাহত পক্ষী উদ্যান হিচাপে স্বীকৃতি দিয়া হয়।

North Karbi Anglong Wildlife Sanctuary

  • কাৰ্বি আংলং জিলাৰ উত্তৰে বোকাজন মহকুমাত অৱস্থিত কাৰ্বি আংলং অভয়াৰণ্য।
  • 2000 চনৰ 21 জুলাইত ইয়াক অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়।

Chakrasila Wildlife Sanctuary

  • কোকৰাঝাৰ আৰু ধুবুৰী জিলাত অৱস্থিত এই চক্ৰশিলা অভয়াৰণ্য।
  • ই সোণালী বান্দৰৰ বাবে বিখ্যাত।
  • 1966 ত ইয়াক সংৰক্ষিত বনাঞ্চলৰূপে ঘোষণা কৰে।
  • 1994 চনৰ 14 জুলাইত অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়।

Dehing Patkai National Park

  • ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত এইখন ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত।
  • ইয়াক The Amazone of The East বুলি কোৱা হয়।
  • 2004 চনৰ 13 জানুৱাৰীত ইয়াক অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হয়।
  • 2021 চনৰ 15 জুনত চৰকাৰে এইখনক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে।
  • এই ৰাষ্ট্ৰীয় উদ্যান খন Dehing Patkai Elephant Reserve ৰ এটা অংশ।
  • ইয়াত ভাৰতৰ ভিতৰত প্ৰথম বাৰৰ বাবে Thrixspermum Acuminatissimum নামৰ অৰ্কিডৰ প্ৰজাতি এটা পোৱা গৈছে।

Nambor Wildlife Sanctuary

  • 1872 চনৰ 9 আগষ্টত ইয়াক সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হয়।
  • 2000 চনৰ 27 জুলাইত ইয়াক অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়।

Nambor Doigrung Wildlife Sanctuary

  • 2003 চনত ইয়াক অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়।

Poba Reserve Forest

  • ধেমাজি জিলাত এইখন সংৰক্ষিত বনাঞ্চল অৱস্থিত।
  • 1924 চনত পবাক সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হয়।

Burachqpari Wildlife Sanctuary

  • শোণিতপুৰ জিলাত অৱস্থিত।
  • 1974 ত সংৰক্ষিত বনাঞ্চল ৰূপে ঘোষণা কৰা হয়।
  • 1995 চনত অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়।

Bherjan Borajan Padumani Wildlife Sanctuary

  • তিনিচুকীয়া জিলাত অৱস্থিত।
  • 1999 চনত অভয়াৰণ্যৰূপে ঘোষণা কৰা হয়।

Marat Longri Wildlife Sanctuary

  • কাৰ্বি আংলং জিলাত অৱস্থিত।
  • 2003 চনত অভয়াৰণ্যৰূপে ঘোষণা কৰা হৈছে।

Raimona National Park

  • এইখন ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাৰ অন্তৰ্গত।
  • 2021 চনৰ 9 জুনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰা হয়।
  • সোণালী বান্দৰৰ আবাসভূমি হিচাপে পৰিচিত এই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান।